Home Internship শোকাৱহ : ডিব্ৰুগড়ৰ বগীবিলত বিদ্যুৎস্পৃষ্ট হৈ দুই ভাতৃৰ কৰুণ মৃত্যু

শোকাৱহ : ডিব্ৰুগড়ৰ বগীবিলত বিদ্যুৎস্পৃষ্ট হৈ দুই ভাতৃৰ কৰুণ মৃত্যু

by info.odysseyx@gmail.com
0 comment


বিশেষ বাৰ্তা, ৪ জুলাই : ৰাজ্যৰ চৌদিশে বানে বিধ্বস্ত কৰাৰ সময়ত ডিব্ৰুগড়ত হোৱা এক শোকাৱহ-হৃদয়বিদাৰক ঘটনাই শোকাহত কৰি তুলিছে। নিজ ঘৰতে খেলি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ দুই ভাতৃৰ কৰুণ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ডিব্ৰুগড়ৰ বগীবিলৰ ধনেখনাত আজি সংঘটিত হৈছে এই কৰুণ ঘটনা। ডিব্ৰুগড়ত বানপানীৰ বাবে বগীবিলৰ ধনেখনাত দুই ভাতৃৰ বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু হয়। ধনেখনাৰ শক্তিমান বৰাৰ দুই পুত্ৰ ক্ৰমে ৰূপম বৰা (১১) আৰু দিগন বৰা (৯) ষষ্ঠ আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত আছিল। ধনেখনাৰ শক্তিমান বৰা আৰু তেওঁৰ পত্নীয়ে নিতৌ জীৱিকাৰ তাড়নাত বগীবিল দলঙৰ সমীপত এখন দোকান দি পৰিয়াল পোহপাল দিছিল। জানিব পৰা অনুসৰি, ঘটনাৰ সময়ত দম্পতীটো বাসগৃহত নাছিল। সেই অৱস্থাত আইতাকৰ সৈতে আছিল দুই কিশোৰ। ৰাইজৰ অভিযোগ অনুসৰি, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সকলো বিধ্বস্ত কৰাৰ সময়তে ধনেখনাৰ কিছু অঞ্চল প্লাৱিত হোৱাৰ লগতে বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ পানীত বুৰ গৈ আছিল। তেনে সময়তে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত দিগন বৰা নামৰ শিশুটিয়ে ফেনৰ ছুইচ অন কৰিবলৈ তৎপৰ হয় যদিও আইতাকৰ বাধা নামানি ছুইচ দিয়াৰ সময়তে বিদ্যুৎস্পৃষ্ট হয়। ভায়েক বিদ্যুৎস্পৃষ্ট হৈ থকা অৱস্থাত ককায়েক ৰূপম বৰাই বচাবলৈ চেষ্টা কৰাৰ সময়তে ৰূপম বৰাও বিদ্যুৎস্পৃষ্ট হোৱাত দুই ভাতৃৰ কৰুণ মৃত্যু হয়। পিছত হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে এই শোকাৱহ ঘটনাই ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই ভাতৃৰ মৃতদেহৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

প্ৰেৰক বিভাস দুৱৰা

The post শোকাৱহ : ডিব্ৰুগড়ৰ বগীবিলত বিদ্যুৎস্পৃষ্ট হৈ দুই ভাতৃৰ কৰুণ মৃত্যু appeared first on নিয়মীয়া বাৰ্তা.



Source link

You may also like

Leave a Comment

Our Company

Lorem ipsum dolor sit amet, consect etur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis.

Newsletter

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

Laest News

@2021 – All Right Reserved. Designed and Developed by PenciDesign