Home Internship শিক্ষাত খৰচ কৰা ধনৰ দুগুণ বিয়াত ব্যয় ভাৰতীয়ৰ

শিক্ষাত খৰচ কৰা ধনৰ দুগুণ বিয়াত ব্যয় ভাৰতীয়ৰ

by info.odysseyx@gmail.com
0 comment


নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুনঃ ভাৰতীয় লোকসকলে সন্তানৰ বিয়াৰ নামত যিমান ধন খৰচ কৰে, তাৰ আধাও ধন খৰচ নকৰে সন্তানক শিক্ষিত কৰাৰ ক্ষেত্রত৷ অর্থাৎ শিক্ষাত খৰচ হোৱা ধনৰ দুগুণ ধন বিয়াত খৰচ কৰে ভাৰতীয় লোকসকলে৷ শেহতীয়াকৈ এক প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে৷ ভাৰতত বিয়াক কেন্দ্র কৰি যি বজাৰ গঢ়ি উঠিছে, তাৰ পৰিমাণ দেখিলে চকু কপালত উঠিব৷ আমেৰিকাৰ বিয়াৰ বজাৰতকৈ প্রায় দুগুণ ভাৰতৰ বিয়াৰ বজাৰ৷ ভাৰতৰ বিয়াৰ বজাৰখন হৈছে বছৰি ১০.৭ লাখ কোটি টকা৷ অৱশ্যে চীনৰ বিয়াৰ বজাৰ ভাৰততকৈও বিশাল৷ পৰিসংখ্যা অনুসৰি ভাৰতত বিয়াত গড়ে প্রায় ১২ লাখ টকা খৰচ কৰে পৰিয়ালসমূহে৷ কিন্তু সন্তানৰ শিক্ষাৰ ক্ষেত্রত পাঁচ লাখ টকাও খৰচ কৰিবলৈ টান পায় ভাৰতীয় পৰিয়ালে৷ বিলাসবহুল বিয়াসমূহত ভাৰতত গড়ে  ২০ৰ পৰা ৩০ লাখ টকা খৰচ হয়৷ এই বিয়াসমূহ অভিজাত হোটেলত আয়োজন কৰাৰ উপৰি কেটাৰিং, ডেকোৰেচন, বিনোদনমূলক অনুষ্ঠানৰ বাবে বৃহৎ পৰিমাণৰ ধনৰাশি খৰচ কৰা হয়৷ অর্থাৎ বিবাহ অনুষ্ঠানৰ লগত আনুষংগিকভাৱে অন্য ৫-৬টা অনুষ্ঠানত ধন খৰচ কৰে ভাৰতীয় লোকসকলে৷

The post শিক্ষাত খৰচ কৰা ধনৰ দুগুণ বিয়াত ব্যয় ভাৰতীয়ৰ appeared first on নিয়মীয়া বাৰ্তা.



Source link

You may also like

Leave a Comment

Our Company

Lorem ipsum dolor sit amet, consect etur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis.

Newsletter

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

Laest News

@2021 – All Right Reserved. Designed and Developed by PenciDesign