Home Internship নিৰ্বাচনত জয়ৰ পিছত প্ৰথমবাৰলৈ মুকলি আকাশৰ তললৈ খালিস্তানপন্থী নেতা

নিৰ্বাচনত জয়ৰ পিছত প্ৰথমবাৰলৈ মুকলি আকাশৰ তললৈ খালিস্তানপন্থী নেতা

by info.odysseyx@gmail.com
0 comment


🔹 ৪ দিনৰ পেৰল মঞ্জুৰ অমৃতপল সিঙৰ

বিশেষ বাৰ্তা, ৩ জুলাই : পঞ্জাব ডেৰ মুৰব্বী তথা খালিস্তানপন্থী নেতা অমৃতপলক সিঙক চাৰি দিনৰ বাবে পেৰলত দিয়া বুলি বিশেষ সূত্ৰত প্ৰকাশ। যোৱা ১৯ জুনত পুনৰ এবছৰলৈ খালিস্তানপন্থী নেতা অমৃতপল সিঙসহ ৯ সহযোগীৰ বন্দিত্বৰ ম্যাদ বৃদ্ধি কৰিছিল। সূত্ৰ অনুসৰি পঞ্জাবৰ অমৃতসৰৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ে অমৃতপল সিঙৰ ৪ দিনৰ পেৰল মঞ্জুৰ কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই সম্পৰ্কে অৱগত কৰা হৈছে ডিব্ৰুগড়ৰ জে’ল কৰ্তৃপক্ষক।জানিব পৰা অনুসৰি, অমৃতপলৰ বিশেষ চৰ্তসাপেক্ষে মঞ্জুৰ কৰা হৈছে এই পেৰল। এই চাৰি দিনৰ ভিতৰতে সম্ভৱত: অমৃতপল সিঙক সাংসদৰ শপত গ্ৰহণৰ বাবে লৈ যোৱা হ’ব বুলিও সূত্ৰত প্ৰকাশ। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা আটাইকেইজন খালিস্তানপন্থী নেতাৰ ম্যাদ যোৱা ১৯ জুলাইত এবছৰৰ বাবে বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰিছিল। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপল সিঙে সাংসদ হিচাপে নিৰ্বাচিত হ’লেও গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ ৰুদ্ধ হৈ পৰিছিল যদিও আজিৰ এই খবৰে কিছু হলেও অমৃতপলৰ পৰিয়াললৈ সকাহ আনিছে। পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পিছতে দুদিনমানৰ পূৰ্বে সাংসদ অমৃতপল সিঙৰ অধিবক্তাই আদালতত জামিনৰ বাবে আবেদন দাখিল কৰিছিল যদিও গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাই অমৃতপল সিঙৰ পৰিয়ালক বিবুধিত পেলাইছিল। ইফালে, অমৃতপল সিঙৰ অধিবক্তাই সংবাদ মাধ্যমক জনোৱা মতে, গৃহ মন্ত্ৰালয়ৰ বন্দিত্বৰ ম্যাদ জাৰি কৰা নিৰ্দেশনা পত্ৰ এই পৰ্যন্ত লাভ কৰা নাই। তেওঁলোকৰ মতে, তিনি মাহলৈকেহে বৃদ্ধি কৰা হৈছে কাৰাবন্দীসকলৰ বন্দিত্বৰ ম্যাদ। কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি নৱনিৰ্বাচিত সাংসদ অমৃতপল সিংসহিতে ৯জন খালিস্তানপন্থী নেতাৰ বন্দিত্বৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰিছে দেশৰ গৃহ মন্ত্ৰালয়ে। ইফালে, পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি ‘ৱাৰিছ পঞ্জাৱ ডে’ৰ মুৰব্বী অমৃতপল সিংসহ তিনি সহযোগীৰ এন এছ এৰ ম্যাদ ২৪ জুলাইত অন্ত পৰিব আৰু আন ৬ সহযোগীৰ বন্দিত্বৰ ম্যাদ অন্ত পৰিব ১৮ জুনত। এনে সময়তে গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনাই চেঁচাপানী ঢালিলে কাৰাবন্দীসকলৰ মুকলিত। উল্লেখযোগ্য যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অমৃতপল সিঙে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পঞ্জাবৰ খাদুৰ চাহিব সমষ্টিত ১,৯৭,১২০টা ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। কংগ্ৰেছ, বিজেপি আৰু আপৰসহ ২৩জনকৈ প্ৰাৰ্থীক পৰাস্ত কৰি অমৃতপল সিঙে ৪,০৪,৪৩০টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ কুলবীৰ সিং জিৰাই ২,০৭,৩১০ টা আৰু আম আদমী পাৰ্টীৰ লালজিত ভুল্লাৰে ১,৯৪,৮৩৬টা ভোট লাভ কৰিছিল। ১৯৫৯-৬০ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বন্দী হৈ আছে অমৃতপল সিংসহ ৯ সহযোগী। ইফালে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত পৃথক পৃথক বিশেষ চেলত ৰখা হৈছে এইসকল কাৰাৰুদ্ধক। মন কৰিবলগীয়া যে ২০২৩ চনৰ ১৯ মাৰ্চত প্ৰথম পৰ্যায়ত অমৃতপল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। সেইসকলৰ ভিতৰত আছিল দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিং আদি। সেইদৰে ২১ মাৰ্চত দ্বিতীয় পৰ্যায়ত পুনৰ পুৱা ৭ বজাত ৱাৰিছ পঞ্জাৱ ডে’ৰ মুৰব্বী অমৃতপল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পিছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱান্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙকো কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়। সম্প্ৰতি কাৰাবন্দী অমৃতপল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে ১২টাকৈ গোচৰ ৰুজু হৈ আছে। তদুপৰি এন এছ এৰ অভিযোগ থকা আৰু হিংসাক উচটনি দিয়া, হত্যাৰ চেষ্টা, আৰক্ষী কৰ্মীক আক্ৰমণৰ পৰা আৰম্ভ কৰি আইন-শৃংখলাত ব্যাঘাত জন্মোৱাকে ধৰি অন্যান্য বিভিন্ন অপৰাধমূলক অপৰাধৰ বাবে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অমৃতপলক লৈ ইতিমধ্যে ভাৰতীয় ৰাজনীতিত বিশেষ চৰ্চা চলিছে।

প্ৰেৰক বিভাস দুৱৰা

The post নিৰ্বাচনত জয়ৰ পিছত প্ৰথমবাৰলৈ মুকলি আকাশৰ তললৈ খালিস্তানপন্থী নেতা appeared first on নিয়মীয়া বাৰ্তা.



Source link

You may also like

Leave a Comment

Our Company

Lorem ipsum dolor sit amet, consect etur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis.

Newsletter

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

Laest News

@2021 – All Right Reserved. Designed and Developed by PenciDesign