Home Internship ডিব্ৰুগড়ত আঠ দিন ধৰি ঘাইপথ জলমগ্ন : বানাক্ৰান্তৰ প্ৰতিবাদ

ডিব্ৰুগড়ত আঠ দিন ধৰি ঘাইপথ জলমগ্ন : বানাক্ৰান্তৰ প্ৰতিবাদ

by info.odysseyx@gmail.com
0 comment


বিশেষ বাৰ্তা, ৪ জুলাই : বিগত আঠটা দিন কৃত্ৰিম বানত ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন। নিৰ্বিকাৰ ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসন। মুষলধাৰ বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানত বিগত আঠ দিন ধৰি জলাকলা খাইছে ডিব্ৰুগড় চহৰবাসীয়ে। ডিব্ৰুগড় পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা আৰু গাফিলতিৰ পৰিণতিত কৃত্ৰিম বানত দুৰ্ভোগ ভুগিব লগা হৈছে চহৰবাসীয়ে। ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডতে কেৱল পানী আৰু পানী। কালিৰ দিনটোত কৃত্ৰিম বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ উভতি আহিছিল যদিও নিশাৰ ভাগত দিয়া এজাক মুষলধাৰ বৰষুণে পুনৰ অনুৰূপ পৰিৱেশৰ সৃষ্টি কৰে। কৃত্ৰিম বানৰ বাবে ডিব্ৰুগড় চহৰবাসীৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। চহৰৰ সদাব্যস্ত ৰাজপথ থানা চাৰিআলি আৰু উৰণীয়া সেতুৰ সমীপৰ মানকটা পথটো একাঁঠু পৰ্যন্তলৈকে বুৰ গৈছে কৃত্ৰিম পানীত। যান-বাহন চলাচল কৰাটো বাদেই, খোজকাঢ়ি যাতায়াত কৰাটোও বিপজ্জনক হৈ পৰিছে মানকটা পথত। ইফালে, ভয়ংকৰ ৰূপ লৈছে বঙালগাঁও-বাণীপুৰ ৰাষ্ট্ৰীয় ঘাইপথটো। একঁকাল পৰ্যন্ত পানীৰে এতিয়াও ভৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ। অতি বিপজ্জনকভাৱে ৰাজপথেদি যান-বাহনৰ চলাচল হৈ আছে। যাৰ বাবে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথটোত। কেৱল সেয়াই নহয়, একঁকাল পৰ্যন্ত কৃত্ৰিম পানী ভৰি থকা ৰাষ্ট্ৰীয় ঘাইপথত চলাচল হোৱা বহু যান-বাহনৰ ইঞ্জিন বিকল হৈ পৰিছে। আনহাতে, কৃত্ৰিম বানৰ ফলত বিধ্বস্ত হৈ পৰিছে ৰাজপথটো। প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথটোত। কিন্তু ইমানৰ পিছতো এই পথেৰে যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা নাই প্ৰশাসনে। আনহাতে, যান-বাহন চলাচলৰ বাবে সৃষ্টি হোৱা প্ৰচণ্ড পানীৰ ঢৌ ৰাজপথৰ কাষত থকা বাসগৃহতো প্ৰৱেশ কৰিছে। সাপ-ভেকুলীৰ পৰা আৰম্ভ কৰি বিষাক্ত জলজীৱৰ প্ৰৱেশ ঘটিছে মানুহৰ ঘৰত। বঙালগাঁও-বাণীপুৰ ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া স্থলপথৰ পৰা জলপথলৈ ৰূপান্তৰিত হৈছে। যেন মহাসাগৰসদৃশ পৰিৱেশলৈ পৰ্যবসিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথটো। বিগত পাঁচ দিন ধৰি কৰ্তন কৰি ৰখা হৈছে বিদ্যুৎ সেৱা। কৃত্ৰিম বানৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানো। আনহাতে, খাদ্যৰ অভাৱত বহু সাধাৰণ পৰিয়ালে অনাহাৰে কটাবলগীয়া হৈছে। জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ বিৰুদ্ধে আজি প্ৰতিবাদত নামিল বানাক্ৰান্ত ৰাইজ। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত একাঁঠু পৰ্যন্ত পানীত নামি জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কৃত্ৰিম পানী নিষ্কাশনৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে। আনহাতে, কৃত্ৰিম বানত ককবকাই থকা বানাক্ৰান্তৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে ডিব্ৰুগড় চহৰৰ বিস্তীৰ্ণ অঞ্চলত আজিও অপৰিৱৰ্তিত হৈ আছে কৃত্ৰিম বান পৰিস্থিতি। চহৰখনৰ আৰক্ষী  ছাউনী, পৌৰ নিগম কাৰ্যালয়ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ, জে’ল ৰোড আদিত হ্ৰাস পোৱা নাই কৃত্ৰিম পানী। সেইদৰে পৌৰ নিগমৰ কাৰ্যালয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়, বন প্ৰাধিকাৰীৰ সামাজিক বনানীকৰণৰ কাৰ্যালয়, ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়, আদালত চৌহদ, যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়, ডিব্ৰুগড় নগৰ অসামৰিক চিকিৎসালয় জলমগ্ন হৈ আছে। নতুন নিৰ্মালী গাঁৱত আজি আঠটা দিন ধৰি একাধিক বাসগৃহ এবুকু পৰ্যন্ত পানীয়ে বুৰাই ৰাখিছে। শেহতীয়াকৈ কৃত্ৰিম বানত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰবাসী এক অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে।

প্ৰেৰক বিভাস দুৱৰা

The post ডিব্ৰুগড়ত আঠ দিন ধৰি ঘাইপথ জলমগ্ন : বানাক্ৰান্তৰ প্ৰতিবাদ appeared first on নিয়মীয়া বাৰ্তা.



Source link

You may also like

Leave a Comment

Our Company

Lorem ipsum dolor sit amet, consect etur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis.

Newsletter

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

Laest News

@2021 – All Right Reserved. Designed and Developed by PenciDesign