Home Internship কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ উদ্যোগত ড্ৰোনৰ ব্যৱহাৰ-ভূঁই ৰোপণৰ শুভাৰম্ভণি

কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ উদ্যোগত ড্ৰোনৰ ব্যৱহাৰ-ভূঁই ৰোপণৰ শুভাৰম্ভণি

by info.odysseyx@gmail.com
0 comment


নিয়মীয়া বাৰ্তা, ৩ জুলাই : কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ উদ্যোগত আজি বিজ্ঞানসন্মতভাৱে বীজ সংৰক্ষণ কৰিবৰ বাবে ভূঁই ৰোপণ কৰা হয়। নলবাৰীৰ উদ্যান শস্য মহাবিদ্যালয়ৰ ডীন ড৹ মৃদুল ডেকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভূই ৰোপণ কাৰ্যসূচীটোৰ আঁত ধৰে কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ মুৰব্বী ড৹ প্ৰশান্ত পাঠকে। অনুষ্ঠানটোৰ আৰম্ভণিতেই অত্যাধুনিক ড্ৰোনৰ সহায়ত কেনেকৈ খেতিপথাৰত স্প্ৰে কৰিব পাৰি, সেয়া প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে এইটো ড্ৰোনৰ সহায়ত সাত মিনিটত প্ৰায় এক একৰ ভূমিত স্প্ৰে কৰিব পাৰি। অনুষ্ঠানটোত কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ কৃষি বিজ্ঞানী ড৹ নীলোৎপল দাস, অম্বিকাচৰণ শৰ্মা, অংকুৰ ৰাজবংশী, জিলা কৃষি বিষয়া প্ৰবীণ মেধিৰ লগতে বহুকেইজন বিষয়া-কৰ্মচাৰী আৰু বেংক বিষয়াও উপস্থিত থাকে।

প্ৰেৰক শ্বাহ আলম আহমেদ

The post কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ উদ্যোগত ড্ৰোনৰ ব্যৱহাৰ-ভূঁই ৰোপণৰ শুভাৰম্ভণি appeared first on নিয়মীয়া বাৰ্তা.



Source link

You may also like

Leave a Comment

Our Company

Lorem ipsum dolor sit amet, consect etur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis.

Newsletter

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

Laest News

@2021 – All Right Reserved. Designed and Developed by PenciDesign