Home Internship অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ স্মৃতিগ্ৰন্থ সমিতিৰ সভা

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ স্মৃতিগ্ৰন্থ সমিতিৰ সভা

by info.odysseyx@gmail.com
0 comment


নিয়মীয়া বাৰ্তা,  ৩ জুলাই : প্ৰায় দহ কোটি টকা বাজেটসাপেক্ষে ২০২৫ বৰ্ষত পাঠশালাত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ স্মৃতিগ্ৰন্থ সমিতিৰ প্ৰথমখন সভা আজি অনুষ্ঠিত হয়৷ সভাৰ আদৰণী সমিতিৰ কাৰ্যালয়ত আদৰণী সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে স্মৃতিগ্ৰন্থ সমিতিৰ সভাপতি তথা সাহিত্যিক পেঞ্চনপ্ৰাপ্ত লেখক ধীৰেন্দ্ৰ তালুকদাৰে৷ স্মৃতিগ্ৰন্থ সমিতিৰ সম্পাদক তথা বিশিষ্ট লেখক অঞ্জন শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি স্মৃতিগ্ৰন্থখনত সন্নিৱিষ্ট বিষয় তথা কলেবৰ আৰু আনুষংগিক বিষয়ৰ ওপৰত বক্তব্য প্ৰকাশ কৰাৰ লগতে এখন তালিকাও উপস্থিত সকলোকে প্ৰদান কৰে৷ উক্ত বিষয় সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা সভাত উপস্থিত থাকি স্মৃতিগ্ৰন্থ সমিতিৰ উপদেষ্টা ড৹ জগদীশ পাটগিৰিয়ে পূৰ্বৰ অভিজ্ঞতা তথা বৰ্তমান কি ধৰণে আগবঢ়িব লাগিব, সেই বিষয়ে মন্তব্য আগবঢ়ায়৷ সভাত স্মৃতিগ্ৰন্থ সমিতিৰ উপদেষ্টা বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, প্ৰাক্তন বিধায়ক ড৹ মনোৰঞ্জন দাস, অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰকে ধৰি উপ-সভাপতি ক্ৰমে ড৹ বিনীতা বৰা দেৱচৌধুৰী, হিতেশ দাস, দীপক কাকতি, আৰু প্ৰদীপ শৰ্মাই বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়৷ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীয়ে স্মৃতিগ্ৰন্থখনত বজালীৰ শিক্ষা, সংস্কৃতি, কৃষি, বাণিজ্য, সত্ৰ সংস্কৃতি, পৰ্যটন, ইতিহাসকে ধৰি বিভিন্ন বিষয় সংলগ্ন কৰি নবীন-প্ৰবীণ সকলোৰে লেখাসমৃদ্ধ এখন সৰ্বাংগসুন্দৰ স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰাৰ বাবে স্মৃতিগ্ৰন্থ সমিতিক আহ্বান জনাই এই ক্ষেত্ৰত আদৰণী সমিতিয়ে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব বুলিও মন্তব্য কৰে৷ সভাত স্মৃতিগ্ৰন্থ সমিতিৰ সহঃ সম্পাদক ক্ৰমে পুলু কুমাৰ শৰ্মা, পুৰন্দৰ পাটগিৰি, ধীৰাজ তালুকদাৰ আৰু ড৹ গৌতম গোস্বামীৰ লগতে সমিতিৰ সদস্য বিভাংশু শৰ্মাই বিভিন্ন দিশত গঠনমূলক বক্তব্য আগবঢ়ায়৷ একেখন সভাতে বিভিন্ন দিশ আলোচনা কৰি বিভিন্ন লেখকক বিভিন্ন লেখা লিখিবলৈ তেওঁলোকৰ নাম আৰু বিষয়বস্তু তালিকাভুক্ত কৰা হয়৷ উল্লেখ্য যে আজিৰ সভাত স্মৃতিগ্ৰন্থখনৰ বাজেট সম্পৰ্কেও আলোচনা কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

The post অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ স্মৃতিগ্ৰন্থ সমিতিৰ সভা appeared first on নিয়মীয়া বাৰ্তা.



Source link

You may also like

Leave a Comment

Our Company

Lorem ipsum dolor sit amet, consect etur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis.

Newsletter

Subscribe my Newsletter for new blog posts, tips & new photos. Let's stay updated!

Laest News

@2021 – All Right Reserved. Designed and Developed by PenciDesign